দেশত মহামাৰী ক’ৰোনা সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে।
এইবাৰ ক্ৰিকেটাৰ নামেৰে ভগৱান খ্যাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আক্ৰান্ত হ’ল ক’ৰোনা ভাইৰাছত।
৪৭ বছৰ বয়সত ভৰি দিয়া টেণ্ডুলকাৰে নিজে এই কথা প্ৰকাশ কৰিছে। লগতে জানিবলৈ দিছে যে, তেওঁৰ দেহত সাধাৰণ লক্ষণ দেখা পোৱাৰ পিছতে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু তাৰ পিছতে তেওঁ জনাইছে যে, নিজে ঘৰত থাকি হোম কোৱাৰেণ্টাইন হৈ এই মহামাৰীৰ লগত জড়িত সকলো সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিব ।
লগতে তেওঁ সকলো স্বাস্থ্য ৰক্ষাৰ লগত জড়িত লোকক ধন্যবাদ জ্ঞাপন কৰে। টুইটাৰযোগে এই কথা প্রকাশ কৰে।
— Sachin Tendulkar (@sachin_rt) March 27, 2021
Photo Credit: Google