চেণ্ট্ৰেল ব’ৰ্ড অফ ছেকেণ্ডেৰী এড্যুকেশ্যন চমুকৈ চি বি এছ ইয়ে ইয়াৰ অন্তৰ্গত দেশৰ মুঠ ২০ খন শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰিছে। আনহাতে তিনিখন শিক্ষানুষ্ঠানক ডাউনগ্ৰেড কৰিছে। স্বীকৃতি বাতিল হোৱা ২০ খন শিক্ষানুষ্ঠানৰ ভিতৰত আছে অসমৰো এখন শিক্ষানুষ্ঠান। সেইদৰে ডাউনগ্ৰেড হোৱা শিক্ষানুষ্ঠানৰ তালিকাতো আছে অসমৰ আন এখন শিক্ষানুষ্ঠান।
CBSE য়ে স্বীকৃতি বাতিল কৰা শিক্ষানুষ্ঠানখন হৈছে দিছপুৰস্থিত ছাই আৰ এন এছ একাডেমী। আৰু ডাউনগ্ৰেড কৰা অসমৰ শিক্ষানুষ্ঠানখন হৈছে বৰপেটাৰ শ্ৰীৰাম একাডেমী।
উল্লেখ্য যে, CBSEয়ে ইয়াৰ অন্তৰ্গত দেশৰ শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন কৰি স্বীকৃতিৰ বাবে প্ৰয়োজনীয় নীতি নিয়মসমূহ মানি চলিছে নাই সেই বিষয়ে পৰ্যালোচনা কৰাৰ অন্তত ২০ খন শিক্ষানুষ্ঠানত অযোগ্য শিক্ষাৰ্থীক নামভৰ্তিকৰণ, ৰেকৰ্ড ৰক্ষাণাবেক্ষেণ নকৰাকে ধৰি বিভিন্ন নীতি বৰ্হিভূত কাম কৰাৰ তথ্য পোহৰলৈ আহে।
স্বীকৃতি বাতিল হোৱা বিদ্যালয়সমূহৰ তালিকাত দিল্লীৰ ৫ খন, ৰাজস্থানৰ ২ খন, ছত্তিশগড়ৰ ২ খন, মহাৰাষ্ট্ৰৰ ২ খন, উত্তৰ প্ৰদেশৰ ৩ খন, কেৰালাৰ ২ খন, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ, মধ্যপ্ৰদেশ, অসমৰ এখনকৈ বিদ্যালয় আছে। সেইদৰে ডাউন গ্ৰেড হোৱা বিদ্যালয় তিনিখনৰ এখন অসমৰ বৰপেটাৰ আৰু বাকী দুখন দিল্লী আৰু পঞ্জাৱৰ।