মহাৰাষ্ট্ৰত ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু মুম্বাইৰ ৬টা ৰে’লৱে ষ্টেচনত তৎকালীনভাৱে প্লেটফৰ্ম টিকট বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।
ৰে’লৱেই ষ্টেচনত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই ৬টা ৰে’লৱে ষ্টেচনত নাপাব প্লেটফৰ্ম টিকট
চেণ্ট্ৰেল ৰে’লৱেৰ অধ্যক্ষ শিৱাজী সুতাৰে ক’লে যে, মুম্বাইত লোকনায়ক তিলক টাৰ্মিনেল(LTT),
কল্যাণ, ঠানে, দাদৰ, পনৱেল, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেলছ(CSMT)ত আজিৰে পৰা প্লেটফৰ্ম টিকট বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে, য’ৰ পৰা দূৰণিবটীয়া ৰে’লে যাত্ৰা কৰে।
বিগত মাহত ৰে’লৱেই বৃদ্ধি কৰিছিল প্লেটফৰ্ম টিকটৰ মূল্য
শিৱাজী সুতাৰে ক’লে, ‘ষ্টেচনত অনাৱ্যশক ভিৰৰ পৰা বাচিবলৈ আৰু সামাজিক দূৰত্ব পালন কৰিবলৈ এই নিৰ্ণয় গ্ৰহণ কৰা হৈছে।
উল্লেখ্য ইয়াৰ পূৰ্বে বিগত মাহত, চেণ্ট্ৰেল ৰে’লৱেই ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভিৰৰ পৰা বাচিবলৈ মহাৰাষ্ট্ৰৰ কেইটামান প্ৰধান ষ্টেচনত প্লেটফৰ্ম টিকটৰ মূল্য ১০টকাৰ পৰা বৃদ্ধি কৰি ৫০ টকা কৰিছিল।
Photo: DNA India