অখিল ভাৰতীয় বৃক্ষৰোপণ অভিযানৰ ১৮ আগষ্টত শুভাৰম্ভ কৰা হয়। এই ক্ষেত্ৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ গছপুলি গছপুলি ৰোপণৰে অভিযানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ অংশ হিচাপে সিদিনা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ মুখ্য কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কৰা হয়।
গছপুলি ৰোপণ অভিযানৰ শুভাৰম্ভ কৰে সীমান্ত নিৰাপত্তা বাহিনীৰ (BSF ) গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱ আৰু প্ৰথম NDRFৰ কমাডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে। আনহাতে প্ৰথম NDRFৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি অভিযানৰ অংশ হিচাপে বাহিনীটোৰ বিষয়া আৰু জোৱান সকলে সিদিনা পাটগাঁওত মুখ্য কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ প্ৰায় এক হাজাৰটা গছপুলি ৰোপণ কৰে ।