আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পৰম্পৰা অনুযায়ী প্ৰতি বছৰৰ দৰে এইবেলিও শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীক এই বিশেষ দিনটোত পূজা আগবঢ়াব। পুৱাৰে বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহ। প্ৰতিখন স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।
সৰস্বতী পূজা উপলক্ষে সজাই–পৰাই তোলা হৈছে বিদ্যালয়–মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।