নিৰ্বাচনৰ ফলাফলৰ ৬ দিন উকলি যোৱাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী নিৰ্ধাৰণ কৰিবলৈ ব্যর্থ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ববৃন্দই।
সেয়েহে আজি মুখ্যমন্ত্ৰী পদ নিৰ্ধাৰণৰ বাবে দিল্লীত জে পি নড্ডাৰ গৃহত উপস্থিত হবলৈ নিৰ্দেশ দিলে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।
পুৱা ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰীকেন্দ্ৰিক বৈঠকৰ বাবে পুৱাই দিল্লীলৈ বিমানযোগে ৰাওনা হৈছে দুয়োজন নেতা।
একেখন ছাৰ্টাৰ্ড বিমানযোগে বৰঝাৰ বিমানবন্দৰ পৰা ৰাওনা হয় হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল।
আজি দুয়োজন নেতাই দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে মিলিত হোৱা বৈঠকৰ পিছতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্ধাৰিত হ’ব।
Photo Credit : Google