মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ ৷ ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পিছতেই মঙলবাৰে বিধায়ক পদ এৰিলে সোণোৱালে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইফালে আজি অসমৰ বিধানসভা উপ–নিৰ্বাচনৰ দিন ঘোষণাকৰা হয়। অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন। মৰিয়নি, থাউৰা, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰত এই উপ–নিৰ্বাচন অনুষ্ঠিত হ’ব।
মাজুলীৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলী উপ–নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।
উপ-নিৰ্বাচনৰ বাবে ১ অক্টোবৰত জাৰি কৰিব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ আৰু ২ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফলসমূহ।