গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত সৰ্বোদয় ট্রাষ্টৰ কাৰ্যকৰী সমিতিৰ এখন সভা ১৭ জুলাইত অনুষ্ঠিত হয়। ট্ৰাষ্টৰ অধ্যক্ষ মোহন দাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই। সভাত ১৯৬০ চনতে ডুমডুমা নগৰৰ মাজ-মজিয়াত স্থাপন কৰা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্রতিমূৰ্ত্তিটো আঁতৰাই সেই স্থানত সু-উচ্চ ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যত দুখ প্রকাশ কৰে।
বিশ্বৰ ৮০ খন দেশত যিগৰাকী মহামানৱৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰি সন্মান কৰিছে, ব্ৰিটিছৰ গোলামিৰ পৰা ভাৰতবাসীক স্বাধীনতা প্ৰদান কৰা মহাত্মা গান্ধীক বিদেশী ৰাষ্ট্ৰ সমূহেও শ্ৰদ্ধাৰে স্মৰণ কৰিছে, যি গৰাকী মহামানৱে সত্য আৰু অহিংসাৰে স্বাধীনতা সংগ্রামত ১৪২ দিন উপবাসে থাকি দেশবাসীক ন্যায়ৰে যুঁজিবলৈ মার্গ দৰ্শন কৰিছিল সেই গৰাকী মহামানৱৰ প্রতিমূর্ত্তি উচ্ছেদ ডুমডুমা বাসীৰে নহয় সমগ্ৰ ৰাষ্ট্ৰৰ বাবে অপমানজনক ঘটনা। সেয়েহে সভাই এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে দুখ প্রকাশ কৰে।