সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিগৰাকী লোকৰ সুৰক্ষাৰ অবিহনে সমন্বয় মাথো এটা শব্দ হৈ ৰ’ব।
একপক্ষীয় তুষ্টিকৰণ আৰু বহুমুখী চৰিত্ৰই সমাজত কেৱল বৈষম্যতাৰ প্ৰসাৰ ঘটাব আৰু পৰিণতিত ইয়ে সামাজিক, সাংস্কৃতিক, ভৌগোলিক কিম্বা ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতা আৰু অনিশ্চয়তা কঢ়িয়াই আনিব, লগতে মানৱীয় চাৰিত্ৰীক ভাৰসাম্যহীন বাতাবৰণ গঢ়ি তুলিব।
ৰাজ্যৰ আত্মীয়ক খবৰ লবলৈ আহি আছে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ কুটুম্ব সুৰক্ষা মিছন।
আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰদান কৰে সত্যৰঞ্জন বৰাই।
‘আপুনিও কুশলে থাকক; আমাকো শান্তিৰে থাকিবলৈ দিয়ক, এই ধাৰণাৰে কুটুম্ব সুৰক্ষা পৰিষদৰ জন্ম হয়।
“সত্য ৰঞ্জন বৰাই ওপৰত গেৰুৱা কাপোৰ লৈ জীনছ পিন্ধি ড্ৰামা কৰিবলৈ আহিছে নেকি বুলিও বহুতে প্রশ্ন কৰিছিল।
কাৰোবাক অপমান কৰিবলৈ সহজ। আজি চাগে অসমত আটাইতকৈ তাচ্ছিল্য কৰা মানুহজন চাগৈ সত্যৰঞ্জন বৰা।”
কুটুম্ব সুৰক্ষা মিছনৰ সন্দৰ্ভত বৰাই কয়- “কুটুম্ব সুৰক্ষা মানে প্ৰত্যেকেই আমাৰ কুটুম্ব।
কুটুম্ব সুৰক্ষা মিছনৰ সাংগঠনিক ৰূপটোক কোৱা হ’ব কুটুম্ব সুৰক্ষা পৰিষদ।
৪২৩০ গৰাকী সদস্য লগ হৈছে আমাৰ গৰাকীএজন আত্মীয়ই আন এজনৰ বুকুত জানো শেল মাৰিব পাৰিব।
এইবাৰ দীঘলীয়া মিছন লৈছো, হয়তো এই মিছন শেষ হোৱালৈ মই জীয়াই নাথাকিব পাৰো” লগতে এইবাৰ শত্ৰু বিচাৰি পালো বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই।
Photo: Headline8