SBI ষ্টাফ এছ’চিয়েচন থ্ৰিফ্ট এণ্ড ক্ৰেডিট ক’অপাৰেটিভ ছছাইটি লিমিটেডে ১০ আগষ্টত ভঙাগড়স্থিত জিএমচিএইচ প্ৰেক্ষাগৃহত সোণালী জয়ন্তী উদযাপন কৰে। এই কাৰ্য্যসূচী উদ্বোধন কৰে এআইএছবিআইএছএফ (AISBISF)ৰ জ্যেষ্ঠ উপাধ্যক্ষ আৰু এছবিআইএছএ (SBISA) এনই চাৰ্কলৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ বৈশ্যই।
ইয়াত এছবিআই পেঞ্চনাৰ এছ’চিয়েচনৰ এনই চাৰ্কলৰ সাধাৰণ সম্পাদক ভূপেন চন্দ্ৰ কলিতা; এছবিআইএছএ এনই চাৰ্কলৰ অধ্যক্ষ দিবাকৰ চক্ৰৱৰ্তী; এআইএছবিআইএছএফৰ উপাধ্যক্ষ শ্যামন্ত কোঁৱৰৰ দৰে বিশিষ্ট লোকসকল উপস্থিত থাকে আৰু উত্তৰ পূৰ্বাঞ্চলত সমবায় আন্দোলন সম্পৰ্কে তেওঁলোকৰ অভিমত আগবঢ়ায়। সচিব কুমাৰ গৌৰৱ বৰাই ১৯৭৪ৰ পৰা এই সমবায়ৰ ইতিহাস সম্পৰ্কে চমু ব্যাখ্যা আগবঢ়ায়। সমবায়ৰ অধ্যক্ষ ৰাতুল তালুকদাৰৰ ভাষণেৰে এই কাৰ্য্যসূচীৰ সামৰণি পৰে।