শিৱসাগৰ জিলাৰ আমগুৰিত ক’ভিড-১৯ত আক্রান্ত হৈ SBI
বিষয়াই কৰুণ মৃত্যুক সাৱটি লয়।
ক’ভিড-১৯ আক্ৰান্ত ভাৰতীয় ষ্টেট বেংকৰ আমগুৰি শাখাৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ মঙলবাৰে বিয়লি ১ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।
মৃত্যুৰ সময়ত প্ৰশান্ত বৰাৰ বয়স আছিল ৫১ বছৰ।
যোৰহাট জিলাৰ ৰাজোইৰ বাসিন্দা আছিল প্ৰশান্ত বৰা।
দুই পুত্ৰ সন্তান আৰু পত্নীক এৰি চিৰকালৰ বাবে বিদায় মাগিলে বৰাই।
উল্লেখযোগ্য যে, প্ৰশান্ত বৰাকে ধৰি এছ বি আই আমগুৰি শাখাৰ মুঠ ৪জন বিষয়া কৰ্মচাৰী ক’ভিড পজিটিভৰূপে চিনাক্ত কৰা হৈছিল।
Photo: Headline8