আজিও সন্ধান নোলাল দ্বীপৰ। ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ আছিল দ্বীপ সৰকাৰ নামৰ কিশোৰজনৰ।
আজি দ্বীপক বিচাৰি পুনৰ চলিব উদ্ধাৰ অভিযান। কিশোৰজনৰ সন্ধানত নদী আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰী সেৱা বাহিনী তথা SDRF এ চলাব অভিযান। অভিযানকাৰী দলটোৱে পাণ্ডুঘাটৰ পৰা শুৱালকুছি পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত চলাব অভিযান।
দেওবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল চাৰি কিশোৰ। ইয়াৰ ভিতৰত অবিনাশ দাস, দয়াল শ্বেখ আৰু জিত দাসৰ মৃতদেহ দেওবাৰেই উদ্ধাৰ কৰা হৈছে।