অহা ৩০ জুলাই, বুধবাৰে ছেবাই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।২৭ জুলাইত ছেবাই এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে জানিবলৈ দিয়ে।
ছেবাৰ অধ্যক্ষ আৰ. চি জৈনে লগতে জানিবলৈ দিয়ে যে-“এইবাৰ দশম শ্ৰেণীৰ ফলাফল ৪০:৪০:২০ অনুপাতৰ আধাৰত গণনা কৰা হ’ব। ইয়াত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ, দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ আৰু বিদ্যালয়ৰ পৰা ২০ শতাংশ নম্বৰ যোগ কৰা হ’ব। বিগত তিনিবছৰৰ শিক্ষাৰ্থীগৰাকীৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ পৰা ২০ শতাংশ নম্বৰ প্ৰদান কৰিব লাগিব। ”
যোৱা সপ্তাহত কামৰূপ জিলাৰ চাংসাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ সন্দৰ্ভত কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ লগে লগেই ছেবা কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে । ইতিমধ্যে অন্য জিলাসমূহত নম্বৰ গণনাৰ কাম প্ৰায়েই সম্পূৰ্ণ হৈছে আৰু আগন্তুক ৩১ জুলাইৰ ভিতৰত ছেবাই ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে।