ৰাজ্যত দিনে দিনে বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণ।
সেয়েহে আজি মাজুলী জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।
এই ধাৰাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে।
জিলাখনৰ দণ্ডাধীশ বিক্ৰম কৈৰীয়ে জাৰি কৰা এই নিৰ্দেশনাত মাজুলীৰ সকলো ঠাইতে মাস্ক পিন্ধা লগতে সামাজিক দূৰত্ব মানি চলিবলৈ বাধ্যতামূলক কৰিছে।
তাৰ উপৰিও জিলা খনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত চেনিটাইজাৰ ,হাত ধোঁৱাৰ ব্যৱস্থা লগতৰ থাৰ্মেল স্কেনাৰ আদি সামগ্ৰী ৰখাটো বাধ্যতামূলক কৰিছে বুলি উল্লেখ কৰিছে।
সকলোবোৰ নীতি নিয়ম মানি চলিবলৈ মাজুলীবাসীক কঠোৰভাৱে আহ্বান জনাইছে জিলা প্ৰশাসনে।
Photo Credit: Google