বুধবাৰে পুৱা উত্তৰপ্ৰদেশৰ বিধানসভা ভৱনৰ ৫নং গেটৰ সন্মুখত চুলতানপুৰৰ এগৰাকী যুৱতীয়ে আত্মজাহৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
যুৱতীগৰাকীয়ে নিজৰ শৰীৰত কেৰাচিন তেল ঢালি আত্মজাহৰ চেষ্টা চলায়।
তাৰ পিছতে সমীপতে উপস্থিত থকা হুছেইনগঞ্জৰ আৰক্ষীকৰ্মী আৰু সচিবালয়ৰ সুৰক্ষাত নিয়োজিত কৰ্মীয়ে যুৱতীগৰাকীক এই কাণ্ডত বাধা প্ৰদান কৰে।
যুৱতীগৰাকীয়ে কোৱা অনুসৰি, জানুৱাৰী মাহত তেওঁ চুলতানপুৰ থানাত এটা গোচৰ ৰুজু কৰিছিল কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।
ইয়াৰ পৰিণতিত যুৱতীগৰাকীয়ে আত্মজাহৰ উদ্দেশ্যৰে লক্ষ্ণৌত আহি উপস্থিত হয়।
লক্ষ্ণৌ আৰক্ষীয়ে চুলতানপুৰ আৰক্ষীৰ সৈতে সম্পৰ্ক কৰি ঘটনাটোৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰে।
যুৱতীগৰাকীৰ পিতৃয়ে ক’লে যে, ৫ জানুৱাৰীত তেওঁৰ কন্যাক ধৰ্ষণ কৰা হৈছিল।
ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছিল।
তেওঁ অভিযোগ উত্থাপন কৰে যে, আৰক্ষীয়ে অভিযুক্তক আটক কৰে আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাকৈ এৰি দিয়ে।
ইয়াৰ পিছত যুৱতীগৰাকীয়ে ভয়ত নিজৰ ঘৰ এৰি সম্বন্ধীয় লোকৰ ঘৰত বাস কৰি আছিল।
পিতৃয়ে ক’লে যে, মঙলবাৰে নিশা কন্যাই তেওঁক ফোন কৰে আৰু লক্ষ্ণৌলৈ যাবলৈ ক’লে।
যুৱতীগৰাকীৰ মনত কি আছিল! কিয় লক্ষ্ণৌলৈ আহিবলৈ বিচাৰিছিল।
এই সন্দৰ্ভত একো নাজানে বুলি তেওঁ আৰক্ষীক জানিবলৈ দিয়ে।
তেওঁ ক’লে যে, বুধবাৰে পুৱা তেওঁ কন্যাৰ সৈতে লক্ষ্ণৌৰ আলমবাগ বাছষ্টেণ্ডত আহে আৰু তাৰে পৰা বাপু ভৱনলৈ ৰাওনা হয়।
ইয়াৰ পিছতে বিধানসভাৰ ৫নং গেটৰ সমীপত যুৱতীগৰাকীয়ে নিজৰ বেগৰ পৰা এটা কেৰাচিনৰ বটল ওলিয়াই আৰু নিজৰ দেহত ঢালি দিয়ে।
ভিৰৰ মাজতে যুৱতীগৰাকীয়ে কৰা এই কাণ্ডৰ পিছতে ঘটনাস্থলীত হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হয়।
হুলস্থুল হোৱাত সমীপতে থকা আৰক্ষী তাত উপস্থিত হৈ নিজৰ দেহত অগ্নিসংযোগ কৰোৱাত বাধা প্ৰদান কৰে।
Photo: ABP News