অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে ৩০ আগষ্টৰ পৰা ৩১ আগষ্টলৈ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত “ভৱিষ্যতক আকৰ্ষণ কৰা :: উৎপাদনক্ষেত্ৰত উদ্যোগ ৪.০ ৰ অন্বেষণ কৰা” শীৰ্ষক অসমীয়া ভাষাত এক আলোচনা চক্র অনুষ্ঠিত কৰে। এই আলোচনা চক্ৰখন সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ভাৰতীয় ভাষা উন্নতিসাধন আৰু উৎকৰ্ষৰ পোষকতা আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্ৰিক আৰু অসামৰিক অভিযান্ত্ৰিক বিভাগে যুটীয়াভাৱে আয়োজন কৰে। দুদিনীয়া এই আলোচনা চক্ৰখনৰ মূল লক্ষ্য আছিল শিক্ষাৰ্থীসকলক উদ্যোগ ৪.০ ৰ বিভিন্ন বিষয়ৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰি উদ্ভাৱন আৰু উদ্যমিতাৰ দিশত আগবাঢ়ি যোৱাত পথ প্ৰদৰ্শন কৰা। এই আলোচনাচক্ৰখনত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম অভিযান্ত্রিক প্রতিষ্ঠান আদিকে কৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ৬০ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ডিজাইন বিভাগৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেপ্লানাট, বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষার্থীসকল উপস্থিত থাকে।
আলোচনা চক্ৰখনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস, অধ্যাপক কৰুণা কলিতা, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক সুনন্দন বৰুৱা, চেলকো ফাউণ্ডেচনৰ কাকলি কলিতা, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগী প্রবক্তা ডঃ শান্তনু মোহন ডেকা, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ধীমান ভূঞা, ভাৰত চৰকাৰৰ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ উত্তৰ-পূব অঞ্চলৰ উদ্ভাৱন পৰিচালক ডঃ হীৰক
ৰঞ্জন দাস আৰু অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ববী শর্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাই আলোচনা চক্ৰখনৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে । আলোচনা চক্ৰখনৰ সমন্বয়ক অধ্যাপক বিক্ৰমজিৎ কাকতি আৰু সহ সমন্বয়ক ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে পৰিচালনা কৰা উৎপাদনক্ষেত্ৰত উদ্যোগ ৪.০ ৰ অন্বেষণ শীৰ্ষক আলোচনাচক্ৰখনত উদ্যোগ ৪.০ ৰ বিভিন্ন দিশৰ ওপৰত মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰাৰ সুযোগ পোৱাৰ বাবে অংশগ্ৰহণকাৰীসকলে কৃতজ্ঞতা প্রকাশ কৰে।