আজি পুৱা দিল্লীস্থিত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হয়।
টাইমছ অফ ইণ্ডিয়া গ্রুপত কৰ্মৰত আছিল নিলাক্ষী ভট্টাচাৰ্য।
বিগত কেইদিনমান আগতে ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক দিল্লীস্থিত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰা হৈছিল।
অৱশেষত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।
জানিব পৰা অনুসৰি নিলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যাণ বৰুৱাও ক’ৰোনাত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।
কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীস্থিত কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত হৈ আছিল।
অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমবাসীয়ে।