জুৰীয়াৰ কলাডুবাত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ হত্যাকাণ্ডৰ ঘটনা । বিবাহ ভংগ কৰাৰ অপৰাধত এজন যুৱকক ঘৰৰ পৰা মাতি নি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। সোমবাৰে পুৱা দক্ষিণ কলাডুৱা গাঁৱৰ পথাৰত গছত ওলমি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱকজনৰ নাম আহমদ আলী।
জানিৱ পৰা অনুসৰি একেখন গাঁৱৰে ৰহমত আলীয়ে পুৱতি নিশা যুৱকজনক ঘৰৰ পৰা মাতি আনিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এজন যুৱকৰ বিবাহ কৰোৱাৰ ক্ষেত্ৰত আগভাগ লৈ দৰাৰ বিৰুদ্ধে বদনাম কৰি বিবাহ ভংগ হোৱাৰ অভিযোগ তুলি দৰাৰ পক্ষই হত্যা কৰাৰ অভিযোগ উত্থাপন। ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৰহমত আলীক আটক কৰিছে। পিছে এয়া হত্যানে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব?