শোণিতপুৰৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ১নং মৰিসুতিৰ এজন লোকক বালিজুৰিৰ এজন যুৱকে ফোনত গুলিয়াই মৰা ভাবুকি প্ৰদান কৰা বিষয়ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাটোৰ বিষয়ে জানিবলৈ দিয়া অনুসৰি বালিজুৰিৰ ধুবিখোলা নিবাসী কেশৱ পাণ্ডে নামৰ যুৱকজনে বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ১নং মৰিসূতি নিবাসী তথা মটৰ মেকানিকৰূপে কৰ্মৰত যুৱক গোপাল ধাকালক ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে ৷
কেশৱ পাণ্ডে নামৰ লোকজনে কেৱল গোপাল ধাকালকে নহয় লগতে তেওঁৰ বন্ধু দিনেশ লিম্বু আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলকো হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। শুকুৰবাৰে পুৱা ঘটনা সন্দৰ্ভত গোপাল ধাকালে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
এই এজাহাৰৰ ভিত্তিতে শুকুৰবাৰে বিয়লি জামুগুৰি আৰক্ষীয়ে কেশৱ পাণ্ডেক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি কেশৱ পাণ্ডেক মাৰাথন জেৰা অব্যাহত ৰাখিছে জামুগুৰি আৰক্ষীয়ে৷