সমগ্ৰ দেশতে এতিয়া ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।
দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ইফালে দেশত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ মাজতে ক’ভিশ্বীল্ড ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।
Serum Institute of Indiaই জনাই যে, কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি আমি ক’ভিশ্বীল্ডৰ মূল্য নিৰ্ধাৰণ কৰিছো।
ৰাজ্য চৰকাৰক ভেকচিনৰ এটা পালি ৪০০ টকাত পাব।
ইফালে ব্যক্তিগত হাস্পতালসমূহে ইয়াৰ বাবে প্ৰতিটো পালিত দিব লাগিব ৬০০ টকা।
Photo: Google