দেশ – বিদেশৰ পৰা অহা পৰ্যটক, ভ্ৰমণকাৰীয়ে বিমানৰ পৰা নামিয়ে অসমৰ চহকী সংস্কৃতি, ঐতিহ্য আদি সন্দৰ্ভত যাতে এক সম্যক জ্ঞান লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই আৰম্ভণিৰে পৰা তৎপৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই তৎপৰতাৰ অংশ হিচাপে GIAL কৰ্তৃপক্ষই বিমানবন্দৰৰ প্ৰস্থান পথত যোৱাকালিৰে পৰা স্থাপন কৰিছে ঋতুকালীন বিপনী। যঁত প্ৰতিফলিত আৰু প্ৰদর্শন কৰা হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাগত সা – সঁজুলি, হস্ততাঁত সামগ্ৰী, জৈৱিক আৰু পৰম্পৰাগত কৃষিজাত সামগ্ৰী, ঐতিহ্য প্ৰতিফলিত হোৱা সামগ্ৰী আদি।
এই সন্দৰ্ভত GIAL কৰ্তৃপক্ষৰ মুখপাত্ৰই সদৰি কৰা অনুসৰি অসম এখন বাৰে বৰণীয়া নানাৰঙী জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু ইয়াৰ সংস্কৃতি, ঐতিহ্য অতিকৈ চহকী। গতিকে এই চহকী ঐতিহ্য, সংস্কৃতি, পৰম্পৰা যাতে শুদ্ধ ৰূপত প্ৰতিফলিত হয় আৰু বাহিৰৰ পৰা অহা এজন লোকে বিমানৰ পৰা নামিয়ে ৰাজ্যখন সন্দৰ্ভত সামগ্ৰীক ধাৰণা লাভ কৰিব পাৰে সেই লক্ষৰে এই বিপনী স্থাপন কৰা হৈছে।