আজি পুৱা প্ৰায় ৫-১৫ বজাত ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত পাঁচ গৰাকীকৈ লোকৰ মৃত্যু ঘটে।
জানিব পৰা মতে, আনদিনাৰ দৰে আজিও ছিপাঝাৰৰ মাৰৈৰ কম বয়সীয়া যুৱকৰ দল এটাই ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰলৈ দৌৰিবলৈ আহিছিল আৰু তাত দৌৰাৰ লগতে শাৰীৰিক ব্যায়াম কৰি ঘৰলৈ উভতি যোৱাৰ পথত লেখাৰুপাৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকক গুৱাহাটীমুখী এ. এছ-১১ বি. চি-১৫৫৫ নম্বৰৰ ট্ৰাকখনে পিছফালৰ পৰা মহতিয়াই নিয়ে।
ইপিনে ৰাষ্ট্ৰীয় ঘাইপথটোৰে প্ৰাত:ভ্ৰমণলৈ যোৱা লেখাৰুপাৰা (ভূক্তাবাৰী) ৰ দুগৰাকী মহিলাকো একে সময়তে ট্ৰাকখনে মহতিয়াই নিয়ে। ফলত মাৰৈৰ জিণ্টুমণি আহমেদ (১৫) থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় একে গাঁও মাৰৈৰ ইন্দাদুল হক (১৫), ৰেকিব আলী (১৫), লেখাৰুপাৰাৰ জয়মতী বৰুৱা (৭০) আৰু সংগীতা ডেকা শৰ্মা (৪৬)ৰ।উ
ল্লেখযোগ্য যে, ছিপাঝাৰ আৰক্ষী থানাৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত হয় এই দুৰ্ঘটনাটো। কিন্তু ছিপাঝাৰ আৰক্ষী প্ৰায় এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।
আনহাতে, বহুবাৰ যোগাযোগ কৰাৰ পাছতো স্বাস্থ্য সেৱাৰ জৰুৰী এম্বুলেঞ্চ যথেষ্ট পলমকৈ আহি পোৱাৰ অভিযোগ তুলিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে।