মনত আছেনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘অংক মাষ্টৰ’ৰ ঘটনাটোৰ কথা।
নিশ্চয়কৈ মনত থাকিব। কাৰণ পৰ্ণছাইটত নিজৰ অন্তৰংগ মুহূৰ্তৰ কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
এই ঘটনাটো উকলিবলৈ কেইবা মাহহে হৈছে।
পুনৰ সেই একেধৰণৰ ঘটনা সংঘটিত হৈছে এইবাৰ গুৱাহাটীত।
কেৱল এই ঘটনাটোৰ সৈতে এজন নহয় দুজনকৈ অধ্যাপক জড়িত হৈ আছে। এজন অধ্যাপক ৰসায়ন বিজ্ঞান বিষয়ৰ আৰু আনজন কম্পিউটাৰ বিষয়ৰ অধ্যাপক।
কিন্তু গুৱাহাটীৰ এই ঘটনাটোৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘অংক মাষ্টৰ’ৰ ঘটনাটো সম্পূৰ্ণকৈ মিল নাই, কিন্তু প্ৰায়ে অধ্যাপকে হওক বা শিক্ষকে হওক, যৌন অভিযোগত অভিযুক্ত হয়।
এইবাৰৰ ঘটনাটো এইধৰণৰ- গুৱাহাটীৰ সন্দিকৈ কলেজৰ প্ৰায়ভাগ ছাত্ৰীয়ে ২ অধ্যাপকৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।
মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক অশ্লীল ফটোৰ লগতে অশ্লীল মেছেজ প্ৰেৰণ কৰিছিল এই দুই অধ্যাপকে।
তলত দিয়া স্ক্ৰীণশ্বটত আপোনালোকে প্ৰত্যক্ষ কৰিব যে,
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো অধ্যাপকজনে বাৰে বাৰে প্ৰেৰণ কৰি আছিল এনেধৰণৰ অশালীন প্ৰস্তাৱ।
ইয়াৰ পিছত ছাত্ৰীগৰাকীয়ে অতিষ্ঠ হৈ ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। আৰু পোষ্টটোৰে সকলোৰে পৰা সমৰ্থন বিচাৰি আহ্বান জনাইছিল।
বৰ্তমান ভাইৰেল হৈ পৰিছে ছাত্ৰীগৰাকীৰ এই পোষ্টটো।
তথ্য অনুসৰি, বৰ্তমানলৈ কোনোধৰণৰ গোচৰ ৰুজু কৰা হোৱা নায়।
ছাত্ৰীসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰা অধ্যাপকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।
ঘটনা সন্দৰ্ভত ইউনিয়নে অধ্যক্ষক সাক্ষাৎ কৰিব আৰু ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণক লৈ আলোচনা কৰিব।
সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষকৰ অশ্লীল বাৰ্তা ছাত্ৰীলৈ-কৰ্তৃপক্ষৰ তাৎক্ষণিক অনুশাসনমূলক দৃঢ় পদক্ষেপ দুই শিক্ষকৰ বিৰূদ্ধে।
Photo: Headline8