ভাৰত পেৰ পৰা পদত্যাগ অশ্বীনি গ্ৰোভৰেৰ। উল্লেখ্য যে, ৰিয়েলিটী শ্ব’ Shark Tank Indiaৰ জৰিয়তে তীব্ৰ চৰ্চাত থকা অশ্বিনী গ্ৰোভৰে অৱশেষত বাহিৰ হব লগা হল নিজৰে কোম্পানী ভাৰত পেৰ পৰা।
বিগত কেইমাহ মানৰ পৰা ব্যাপক বিৰ্তকৰ থকা অশ্বীনি গ্ৰোভৰে অৱশেষত যোৱা সোমবাৰে ভাৰত পেৰ এম ডি পদৰ পৰা ইস্তিফা দিবলৈ বাধ্য হয়।
খবৰ অনুসৰি, নিজৰে প্ৰতিষ্ঠান ভাৰত পেয়ে অশ্বিনী গ্ৰোভৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ তদন্ত বন্ধ কৰিবলৈ তেওঁ প্ৰতিষ্ঠানটোক আহ্বান জনাইছিল যদিও অৱশেষত সেয়া হৈ নুঠাত প্ৰতিষ্ঠানটোৰ শীৰ্ষ পদটোৰ পৰা পদত্যাগ কৰে তেওঁ।
উল্লেখ্য যে, নিজে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠান ভাৰত পেৰ কাৰ্যবাহী সঞ্চালক পদত আছিল অশ্বিনী গ্ৰোভৰে।