লোক আদালতৰ জৰিয়তে পুৰণি গোচৰ নিষ্পত্তি কৰি আদালতসমূহত গোচৰৰ বোজা লাঘৱ কৰিবলৈ উচচতম ন্যায়ালয়ে সময়ে সময়ে নির্দেশ দি অহাৰ সময়তেই গুৱাহাটী উচচ ন্যায়ালয় আৰু ৰাজ্যখনৰ জিলা আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে৷ কভিড-সৃষ্ট পৰিস্থিতিয়ে ন্যায়ালয়ৰ কাম- কাজো ক্ষতিগ্ৰস্ত কৰাৰ ফলত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে। আজিৰ তাৰিখত ৰাজ্যৰ জিলা আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা প্রায় ৪ লাখৰ ওচৰ হৈছেগৈ ৷
উল্লেখ্য যে লকডাউনৰ পৰিপ্রেক্ষিতত মে’ মাহৰ পৰা গোচৰ নিষ্পত্তি হোৱাই নাই৷ এপ্রিল মাহলৈ ৰাজ্যখনৰ জিলা আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা প্রায় ৩ লাখ ৮১ হাজাৰলৈ বৃদ্ধি পায়৷ সেইদৰে গুৱাহাটী উচচ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যাও ৪২ হাজাৰলৈ বৃদ্ধি পাইছে৷
উল্লেখযোগ্য যে বিগত বর্ষত লকডাউন আৰম্ভ হোৱাৰ পৰাই জিলা আদালত আৰু গুৱাহাটী উচচ ন্যায়ালয় উভয়তেই গোচৰ নিষ্পত্তিৰ সংখ্যা অস্বাভাৱিক গতিত হ্রাস পায়৷ মাজৰ মাথোঁ কেইটামান মাহত কেইবাহাজাৰ গোচৰ নিষ্পত্তি হয় যদিও পুনৰ নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা তীব্র গতিত বৃদ্ধি পাইছে৷ নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ অধিক সংখ্যকেই অপৰাধমূলক গোচৰ৷ জিলা আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা প্রায় ৩ লাখ ৮০ হাজাৰ গোচৰৰ ভিতৰত ২ লাখ ৯০ হাজাৰ গোচৰেই অপৰাধমূলক৷
অৱশ্যে গুৱাহাটী উচচ ন্যায়ালয়ত অপৰাধমূলক গোচৰৰ পৰিৱর্তে অধিক সংখ্যক ফৌজদাৰী গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ উচচ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা মুঠ ৪২ হাজাৰ গোচৰৰ ভিতৰত ফৌজদাৰী গোচৰৰ সংখ্যা ৩৪,০৯৭টা৷ বিপৰীতে ৭,৮৫৮টা অপৰাধমূলক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ সাধাৰণতে উচচ ন্যায়ালয়ত একোটা মাহত ৫০০৬০০ গোচৰ নিষ্পত্তি হয়৷ নিষ্পত্তি হোৱা এই গোচৰৰ বিপৰীতে প্রায় হাজাৰ সংখ্যক গোচৰ এটা মাহত পঞ্জীয়ন হয়৷ অর্থাৎ পঞ্জীয়ন হোৱা গোচৰৰ তুলনাত নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা স্বাভাৱিকতে কম৷
জিলা আদালতসমূহতো একে ধৰণেই নিষ্পত্তি হোৱা গোচৰৰ তুলনাত নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা অধিক৷ তাতে একেৰাহে দুটা বছৰত কভিড-সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ বাবে আদালতৰ কাম-কাজ স্থগিত ৰাখিব লগা হোৱাত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই গৈ আছে৷ লাভ কৰা তথ্য অনুসৰি গুৱাহাটী উচচ ন্যায়ালয়ত পাঁচ বছৰতকৈ অধিক পুৰণি প্রায় ৭ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ সেইদৰে জিলা আদালতসমূহতো পাঁচ বছৰতকৈ অধিক কাল ধৰি নিষ্পত্তি নোহোৱাকৈ প্রায় ৪ হাজাৰ গোচৰ আছে৷ এতিয়া কভিড-সৃষ্ট পৰিস্থিতিয়ে গোচৰ নিষ্পত্তি কৰাৰ ব্যৱধান আৰু বৃদ্ধি কৰিব৷