উদীয়মান অ’পেনাৰ শেফালি বার্মাই ক্রিকেটৰ আটাইকেইটা সংস্কৰণত অভিষেক ঘটাই ভাৰতৰ সর্বকনিষ্ঠ ক্রিকেটাৰ হিচাপে চিহ্ণিত হৈছে৷ আজি অনুষ্ঠিত প্রথম এদিনীয়াত ভাৰতীয় দলৰ জার্ছী পৰিধান কৰি ইংলেণ্ড মহিলা দলৰ বিৰুদ্ধে খেলপথাৰত নামি উদীয়মান ক্রিকেটাৰগৰাকীয়ে এই কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হয়৷ ১৭ বছৰ ১৫০ দিনত ক্রিকেটৰ আটাইকেইটা সংস্কৰণত হাৰিয়ানাৰ মহিলা ক্রিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে৷
ইয়াৰ পূর্বেও ক্রিকেটৰ গৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত এখন মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় টেষ্ট দলৰ হৈ অভিষেক ঘটাবলৈ সক্ষম হৈছিল৷ অভিষেক টেষ্টত তেওঁ ৯৬ আৰু ৬৩ ৰানৰ দুটা আকর্ষণীয় ইনিংছ খেলি প্রতিভাৰ প্রমাণ দিছিল৷ সর্বকনিষ্ঠ খেলুৱৈ হিচাপে মহিলা টেষ্ট ক্রিকেটৰ অভিষেক মেচত দুটা অর্ধশতক অর্জন কৰিছিল৷
আন্তঃৰাষ্ট্রীয় পর্যায়ত সর্বকনিষ্ঠ অভিষেককাৰী খেলুৱৈ হিচাপে তেওঁৰ স্থান হ’ল পঞ্চম৷ এই তালিকাৰ প্রথম স্থানত আফগানিস্তানৰ মুজিবুৰ ৰহমান আছে৷ তেওঁ ১৭ বছৰ ৭৮ দিনত ক্রিকেটৰ আটাইকেইটা সংস্কৰণত অভিষেক ঘটাইছিল৷