গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক শ্ৰী শ্ৰীলংকেশ্বৰ ধামত অহা ৮ আৰু ৯ মাৰ্চত শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্রী পূজা আৰু মহামেলা উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। ৮ মাৰ্চত পুৱা ৬ বজাত পূজা অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ১০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব কমিটিৰ সভাপতি কামিনী কান্ত কলিতাই। তাৰ পাছত ১০.৩০ বজাৰ পৰা ভাগৱত পাঠ আৰু নাম কীৰ্তন, বিয়লি ২ বজাৰ পৰা ৰাজহুৱা ভোগ বিতৰণ কৰা হব। সন্ধিয়া ৬ বজাত আৰতি, নিশা ৭.৩০ বজাৰ পৰা শিৱৰাত্রী পূজা আৰম্ভ হোৱাৰ পাছত নিশা ৮ বজাৰ পৰা নাম কীৰ্ত্তন অনুষ্ঠিত হব।
আনহাতে ৯ মাৰ্চ দ্বিতীয় তথা শেষৰ দিনা পুৱা ৬.৩০ বজাত ভক্ত সকলৰ পূজা অৰ্চনাৰে কাৰ্যসূচী আৰম্ভ হব। দিনৰ ১১ বজাৰ পৰা নাম – কীৰ্ত্তন আৰু শিৱৰাত্রিৰ ব্ৰতৰ পাৰণ, বিয়লি ১ বজাৰ পৰা ভোগ বিতৰণ কৰা হব। সন্ধিয়া আৰতিৰে দুদিনীয়া মহা শিৱৰাত্রী পূজাৰ কাৰ্যসূচীৰ সামৰণি মৰা হব। উদ্যোক্তাসকলৰ হৈ পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই এটা বিবৃতিত শিৱৰাত্রী পূজা আৰু মহামেলাৰ দুয়োদিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।