জম্মু-কাশ্মীৰৰ ছপিয়াত সন্ত্ৰাসবাদী আৰু সুৰক্ষা কৰ্মীৰ মাজত অব্যাহত আছে সংঘৰ্ষ।
সংঘৰ্ষৰ আজি তৃতীয়টো দিন, য’ত কেইবা ঘণ্টাজুৰি হোৱা গুলীয়াগুলীত সুৰক্ষা কৰ্মীসকলে সন্ত্ৰাসবাদীকো হত্যা কৰে।
মৃত সন্ত্ৰাসবাদীৰ চিনাক্ত জইছ-ই-মহম্মদৰ টপ কমাণ্ডাৰ বিলায়ট ওৰফে ছজ্জাদ আফগানী ৰূপে পৰিচিত হৈছে।
কাশ্মীৰ জ’নৰ আইজি বিজয় কুমাৰে এই সফল অভিযানৰ বাবে সুৰক্ষা কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।
তেওঁ ক’লে যে ছজ্জাদৰ মৃত্যু সুৰক্ষা কৰ্মীসকলৰ বাবে বৃহৎ সফলতা।
ইয়াৰ পূৰ্বে দেওবাৰে জইছ সন্ত্ৰাসবাদী নাৰপোৰা নিৱাসী জাহাংগীৰ আহমেদ বাণীক এনকাউণ্টাৰ কৰা হৈছিল।
যাৰ পৰা উদ্ধাৰ হৈছিল M4 কাৰ্বাইন, মেগজিন, ৯৬০০টকা নগদ টকাসহ অন্য সামগ্ৰী।
অভিযানৰ সময়ছোৱাত এগৰাকী আৰক্ষী কৰ্মী আৰু এজন নাগৰিক আহত হৈছিল।
লগতে ৩টা ঘৰৰ ক্ষতিসাধন হৈছিল।
উল্লেখ্য শনিবাৰে সন্ধিয়া সুৰক্ষা কৰ্মীক ৰাবলপোৰা গাঁৱত সন্ত্ৰাসবাদী থকাৰ উমান পাইছিল।
ইয়াৰ পিছত সেনা, CRPF আৰু আৰক্ষীয়ে সমগ্ৰ এলেকাটো ঘেৰাও কৰে।
নিশা প্ৰায় ৮ বজাত সন্ত্ৰাসবাদীয়ে সুৰক্ষা কৰ্মীৰ ওপৰত গুলীচালনা কৰিছিল আৰু পলাবলৈ চেষ্টা চলাইছিল। সেই সময়তে সন্ত্ৰাসবাদীয়ে ৬ নাগৰিকক বন্দী কৰিছিল।
অঞ্চলটোত থকা নাগৰিকসকলক নিশাই সুৰক্ষিতভাৱে উলিয়াই অনা হৈছিল।
নিশা হোৱাৰ পিছত সুৰক্ষাকৰ্মীয়ে অভিযান স্থগিত কৰিছিল, কিন্তু গাঁৱৰ পৰা ওলাই অহাৰ সকলো পথ বন্ধ কৰি দিছিল।
দেওবাৰে পুৱা হোৱাৰ লগে লগে সুৰক্ষা কৰ্মীয়ে অভিযান আৰম্ভ কৰি এটা সন্ত্ৰাসবাদীক হত্যা কৰিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, মৃত সন্ত্ৰাসবাদী জাহাংগীৰ ২০২০ৰ ১ ছেপ্টেম্বৰৰ পিছৰে পৰা সক্ৰিয় আছিল।
ইফালে ৰাবলপোৰাত অভিযানৰ সময়ছোৱাত অপপ্ৰচাৰ বিয়পোৱাত বাধা প্ৰদান কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
উল্লেখযোগ্য যে, এই বছৰৰে ১৫ মাৰ্চলৈ ১৩ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে।
২০১৮ত- ২৫৭টা সন্ত্ৰাসবাদীক এনকাউণ্টাৰ
২০১৯ত- ১৫৭টা
২০২০ত- ২২১টা
২০২১ত- ১৩টা (১৫ মাৰ্চলৈ)
Photo: Amar Ujjala