এম্বুলেঞ্চৰ ভিতৰত ফাঁচী লগাই আত্মহত্যা এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ।
এই ঘটনাৰ পিছতে আৰক্ষীৰ ছাউনীত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
কাৰণ উপ-পৰিদৰ্শকগৰাকীয়ে হাস্পতাললৈ যাবলৈ নিজে এম্বুলেঞ্চ মাতি ৰাস্তাতে সংঘটিত কৰিছিল এই কাৰ্য।
এই কৰুণ ঘটনাটো সংঘটিত হৈছে দিল্লীত।
দিল্লী আৰক্ষীৰ দক্ষিণ পূব জিলাত কৰ্তব্যত থকা ৩৯ বছৰীয়া এগৰাকী উপ-পৰিদৰ্শক ৰাজবীৰ সিঙে ফাঁচী লগাই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়।
জানিব পৰা অনুসৰি মানসিকভাৱে ভাগি পৰিছিল আৰক্ষী বিষয়াগৰাকী।
৫ দিন ধৰি নিজৰ কামলৈ যোৱা নাছিল আৰু যাৰ বাবে কাৰ্যালয়ৰ পৰা মাতি পঠিয়াইছিল আৰক্ষীগৰাকীক।
পিছত চাউনীৰে এম্বুলেঞ্চ মাতি পঠিয়াই হাস্পতাল যাবৰ বাবে।
কিন্তু দিল্লীৰ দুখনকৈ হাস্পতালে কোনো কোনো সমস্যা দেখুৱাই ভৰ্তি কৰোৱাবলৈ অমান্তি হয় আৰক্ষী বিষয়াগৰাকীক।
পিছত যেতিয়া এখন হাস্পতালে আৰক্ষী বিষয়াগৰাকীক ভৰ্তি কৰাবলৈ মান্তি হয় কিন্তু সেই সময়তে হাস্পতালত অদ্ভূট আচৰণ কৰিবলৈ ধৰে বিষয়াগৰাকীয়ে আৰু নিজে সম্পূৰ্ণ সুস্থ হৈ থকা বুলি তাৰ পৰা ওলাই আহে।
কিন্তু অলপ সময়ৰ পিছত এম্বুলেঞ্চখনতেই নিজৰ কৰ্মস্থলীলৈ গৈ থাকোতে তাৰ ভিতৰতেই কাপোৰৰে ফাঁচী লগাই আত্মহত্যা কৰে।
Photo: Google