সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বুধবাৰে শাশ্বত তীৰ্থক্ষেত্ৰ ঝাৰখন্ড অৱস্থিত শ্ৰী সম্মেদশিখৰ জী ক পৰ্য়টন কেন্দ্ৰ বুলি প্ৰত্যাহাৰৰ দাবী জনাই শ্ৰী দিগম্বৰ জৈন সমাজ সমন্বিতে অন্যান্য সম্প্ৰদায়ৰ লোক সকলে প্ৰতিবাদী মৌন সমদল উলিয়ায়।
উল্লেখযোগ্য যে, ঝাৰখণ্ড ৰাজ্যত অৱস্থিত শ্ৰী সম্মেদশিখৰ জী জৈন ধৰ্মাৱলম্বী লোকসকলৰ এটা পবিত্ৰ পাৱন তীৰ্থস্থান। ইয়াৰ পৰা জৈনধৰ্মৰ ২৪ জনা তীৰ্থন্কৰৰ মাজৰ পৰা ২০ জনা তীৰ্থংকৰে নিৰ্বাণ অৰ্থাৎ মোক্ষ লাভ কৰে। কেন্দ্ৰ চৰকাৰৰ ওচৰত পৰ্য়টন কেন্দ্ৰ বাতিল কৰাৰ দাবী কৰি জৈন সমাজৰ সহস্ৰাধিক শ্ৰদ্ধালুসকলে গুৱাহাটীৰ ৰাজপথত ওলাই আহি মহাবীৰ ধৰ্মস্থলৰ পৰা আৰম্ভ কৰি এ টি ৰোড হৈ এছ আৰ চি বি পথেৰে হেমবৰুৱা পথ হৈ মুৰলিধৰ শৰ্মা পথত অৱস্থিত মহাবীৰ ধৰ্মস্থলত সমাপন ঘটে।
জৈন সকলে জৈন তীৰ্থক্ষেত্ৰ সম্মেদশিখৰ জীক সুৰক্ষা আৰু জৈন সকলৰ বাবে সংৰক্ষিত কৰাৰ বাবে অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাই এখন স্মাৰক পত্ৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। বুধবাৰৰ প্ৰতিবাদী মৌন সমদলত জৈন লোকসকলৰ বাহিৰে ১৫ আৰু১৬ নম্বৰ ৱাৰ্ডৰ পাৰ্ষদ সৌৰভ ঝুঝুনৱালা আৰু প্ৰমোদ স্বামীও অংশগ্ৰহণ কৰে। শ্ৰী দিগাম্বৰ জৈন সমাজৰ সভাপতি মহাবীৰ জৈন আৰু সম্পাদক বীৰেন্দ্ৰ ছেৰাউগীয়ে মৌন প্ৰতিবাদী সমদল যাত্ৰাত সকলো অংশগ্ৰহণকাৰী সকলক শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা জ্ঞাপন কৰে।