ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বাবে জাৰি কৰা হৈছে SOP। সেই অনুসৰি বিভিন্ন ক্ষেত্ৰত জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। চৰকাৰে জাৰি কৰা SOP ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে প্ৰশাসন তথা চৰকাৰে। কিন্তু ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।
তেওঁ কয় যে, ক’ভিডৰ বাবে ছাত্ৰ সন্থাই বাতিল নকৰে কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী। উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস এইবাৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ডুমডুমা নগৰ খেলপথাৰত অহা ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ।
ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপন স্থলী সোমবাৰে পৰিদৰ্শন কৰে আছুৰ সভাপতি দিপাংক নাথে। ডুমডুমা নগৰ খেলপথাৰত কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা বুলি উল্লেখ কৰাৰ লগতে ক”ভিড SOP ৰ সকলো নিয়ম-নীতি মানি কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি আছুৰ সভাপতি দিপাংক নাথে উল্লেখ কৰে ।