পুনৰ অসমীয়া সংগীত জগতৰ বাবে এক দুঃখবৰ।
অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক ডঃ বিজয়লক্ষ্মী দাসৰ শেষ নিশ্বাস ত্যাগ।গু
গুৱাহাটী বশিষ্ঠপুৰ নিবাসী বিজয়লক্ষ্মী দাসে শুকুৰবাৰে পুৱা নিজ বাসগৃহতে অসুস্থ হয়।
ততাতৈয়াকৈ গুৱাহাটীৰ হায়াত হাস্পতালত কণ্ঠশিল্পী গৰাকীক ভৰ্তি কৰোৱা হৈ যদিও শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে বিজয়লক্ষ্মী দাসে।
বিজয়লক্ষ্মী দাস গুৱাহাটীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী তথা সহযোগী অধ্যাপিকা আছিল।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিছিল ডঃ বিজয়লক্ষ্মী দাসে।
বিজয়লক্ষ্মী দাসে কেইবাবছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীত পৰিচালনা কৰাৰ উপৰিও ভালেমান অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিছিল।
কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ পিছত শোকৰ ছাঁ শিল্পী সমাজত।
Photo: Google