মহানগৰীৰ সমীপৰ ৰাণী পাটগাৱত আজি এটি প্ৰায় ছয় মহীয়া হাতীৰ পোৱালি উদ্ধাৰ হয়। জানিবপৰামতে বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত সঘনাই বন্যহস্তীৰ জাক ওলাই আহিছিল। সমান্তৰালভাৱে যোৱা নিশাও বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য সন্ধনত বন্যহস্তীৰ জাক ওলাই আহিছিল। খাদ্য খোৱাৰ পিছত বন্যহস্তীৰ জাক বনাঞ্চললৈ যোৱাৰ সময়ত হাতীৰ পোৱালীটো পিছত ৰৈ যায়।
মঙলবাৰে পুৱা স্থানীয় লোকে হাতীৰ পোৱালীটো প্ৰত্যক্ষ কৰি ৰাণীস্থিত বনাঞ্চলিক কাৰ্যালয়ত খৱৰ দিয়ে। ঘটনাস্থলীত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ পোৱালিটো কিছু অসুস্থ অৱস্থাত উদ্ধাৰ কৰে।পিছত চিকিৎসকৰ দল উপস্থিত হৈ হাতীৰ পোৱালীটো চিকিৎসা প্ৰদান কৰে। হাতী পোৱালিটোক পবিতৰা অভয়াৰণ্যলৈ লৈ যোৱা হ’ব বুলি জানিবলে দিয়ে বনবিভাগৰ লোকে।