মহানগৰীত চোৰৰ অবাধ টিঘিলঘিলনি। উত্তৰ গুৱাহাটীত একেদিনাই ৬ টাকৈ মন্দিৰত চোৰে লুটপাত কৰি লৈ যায়।এই ৬ টা মন্দিৰৰ ভিতৰত ৫ টা ৰাজহুৱা মন্দিৰ আৰু এটা ব্যক্তিগত মন্দিৰ।
উত্তৰ গুৱাহাটীৰ শিলসাঁকো গাঁৱত থকা শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, অভয়পুৰ গাঁৱৰ হৰি মন্দিৰ, গোবিন্দ মন্দিৰ, কটহ বজাৰৰ বাথৌ মন্দিৰআৰু অভয়পুৰ নিবাসী মোহিনী কাকতিৰ ঘৰৰ ব্যক্তিগত মন্দিৰত চোৰ সোমাই মজিয়া ভাঙি দান পাত্ৰত থকা ধন লৈ উধাও হয়।
ইয়াৰ লগতে মন্দিৰৰ ভিতৰত থকা সোণ-ৰূপৰ গহনাওচোৰ কৰি লৈ যায়।
এই ঘটনাৰ পিছতে উত্তৰ গুৱাহাটী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। উত্তৰ গুৱাহাটী আৰক্ষী আৰু গৌৰীপুৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চোৰ ধৰিবলৈ বিশেষ স্নিফাৰ কুকুৰো নিয়োগ কৰিছে।