গুৱাহাটীক স্মাৰ্ট চিটী বুলি ক’লে কি হ’ব? নামতহে স্মাৰ্ট চিটীলৈ পৰিণত হৈছে কামত গুৱাহাটী এতিয়াও আছে পিছপৰি।
শাসকীয় চৰকাৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটীত ফুট ব্ৰীজৰ পৰা আৰম্ভ কৰি অভাৰ ব্ৰীজলৈ সকলো উদ্বোধন কৰিলে কিন্তু এতিয়াও স্মাৰ্ট চিটীৰ পৰা বহু আঁতৰত আছে গুৱাহাটী মহানগৰী।
স্মাৰ্ট চিটীৰ কেইবাটাও অভিলাষী আঁচনিৰ ৰূপায়ন কৰিলে কিন্তু এতিয়াও জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱা নাই গুৱাহাটীবাসীৰ ৷
এয়া আমাৰ কথা নহয়, এই কথা প্ৰকাশ পাইছে কেন্দ্ৰীয় আবাসন আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সমীক্ষাত।
দেশৰ ৪৯খন মহানগৰীৰ তালিকাত একেবাৰে শেষত আছে গুৱাহাটী মহানগৰীৰ নাম।
অৰ্থাৎ ৪৬ স্থানত আছে গুৱাহাটী মহানগৰীৰ নাম।
উত্তৰ-পূবৰ দুৱাৰ মুখ বুলি সততে দাবী কৰা গুৱাহাটীয়ে দহ লাখ জনসংখ্যাৰ অধিক ৪৯ মহানগৰীৰ ভিতৰত শেষৰ ফালে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
সমীক্ষা অনুসৰি স্বাচ্ছন্দ্যপূৰ্ণ জীৱন-যাপনৰ বাবে নাগৰিকৰ অধিক পচণ্ডৰ চহৰ বেংগালুৰু ৷
অৱশ্যে যোগাযোগৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীসমূহৰ ভিতৰত পঞ্চম স্থানত আছে ৷
শিক্ষাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে তিৰুৱনন্তপুৰমে ৷
নগৰীয়া জীৱন-যাপনৰ বিভিন্ন উপাদানক সাঙুৰি কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে ইজ অৱ লিভিং অৰ্থাৎ স্বাচ্ছন্দ্যপূৰ্ণ জীৱন-যাপনৰ এক তালিকা ৷
অৱশেষত এই কথাটো উল্লেখ কৰিব পাৰি যে গুৱাহাটী মহানগৰীখনক যিমানে স্মাৰ্ট চিটী বুলি কৰিম বুলি দাবী নকৰক কিয়, ই কামে-কাজে কেতিয়াও সাফল্য লাভ কৰিব নোৱাৰে।
এই ক্ষেত্ৰত কেৱল চৰকাৰকে দায়ী বুলি দাবী কৰিব নোৱাৰি কিছু কিছু ক্ষেত্ৰত ইয়াৰ আঁৰত মহানগৰবাসীও দায়ী বুলি আমি ক’ব পাৰো।
Photo: Google