কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত জয়যুক্ত হয় নিয়ৰ ডেকা আৰু সাধাৰণ সম্পাদক পদত অভিষেক মহন্ত৷ উল্লেখ্য যে, নিয়ৰ ডেকা গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ছাত্ৰ তথা শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসী৷ অভিষেক মহন্ত গণিত বিভাগৰ ছাত্ৰ তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ আৱাসী। উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰক্ষেপিত সাধাৰণ সম্পাদক, উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদক, লঘুক্ৰীড়া বিভাগ, ছাত্ৰী জিৰণি চ’ৰা, কর্ট মেম্বাৰ পদত জয়ী হয় বুলি জানিবলৈ দিয়া হৈছে।