নিউজ ডেস্কঃ বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্টীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত জটিল ৰোগত ভোগা শিশুৰ বাবে এক আঁচনি ’স্নেহস্পৰ্শ’-ৰ পঞ্জীয়ন শিবিৰ আৰু পৰৱৰ্তী চিকিৎসা সহায়তাৰ বাবে এক শিবিৰ আয়োজন কৰা হয় ৷
উল্লেখযোগ্য যে স্নেহস্পৰ্শ হ’ল জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে সেৱা আগবঢ়োৱা এখন আঁচনি ৷
উল্লেখ্য, এই আঁচনিৰ জৰিয়তে ১৪ বছৰৰ অন্তৰ্গত যিবোৰ শিশুৰ জন্মগতভাৱে স্নায়ুৰোগ, চেৰীব্ৰেল পলচি, মটৰ নিউৰণ বিসংগতি আদি ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক আগবঢ়োৱা হ’ব চিকিৎসা সেৱা ৷
ৰাজ্যৰ সকলো জিলাৰ পৰা সহস্ৰাধিক লোকে এই শিবিৰত অংশ গ্ৰহণ কৰিছে ।
এই শিবিৰৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে ১০৪ নম্বৰত যোগাযোগ কৰিব পাৰে ৷