প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। সলনি হৈছে নেকি আমাৰ বায়ুমণ্ডল! কেৱল মেঘালয় বা কাশ্মীৰেই নহয় ৰাজস্থানটো পৰিছে বৰফ। অথচ ৰাজস্থান বুলি কলেই আমাৰ অনুভৱ হয় উষ্ণ গৰম। থৰ মৰুভূমিৰ বাবে খ্যাত ৰাজস্থানলৈ নামি আহিছে কাশ্মীৰৰ শীতলতা। হয়, আমি বৰফৰ কথা কৈছো। ৰাজস্থানৰ সীকৰ নামৰ ঠাইত বৰফ পৰাত এতিয়া সকলো আহ্লাদিত হৈ পৰিছে।