বর্তমান সমাজত শাৰিৰীক পৰিশ্ৰম নকৰাৰ মানসিকতাই সমাজ খনক লাহে লাহে এলেহুৱা কৰাৰ লগতে মানুহবোৰ মেদবহুলতা তথা নানা বেমাৰৰ সহজ চিকাৰ হৈ পৰিছে। শাৰিৰীক শ্ৰম, শৰীৰ-চৰ্চা বা ব্যায়াম অবিহনে নানা ৰোগে মূৰ দাঙি উঠাটো তেনেই স্বাভাৱিক। বৰ্তমান খোজকঢ়াটো দূৰৰে কথা, দৈনন্দিন সৰু সুৰা কামতো মানুহে বাইক বা অন্য ইঞ্জিন চালিত দুচকীয়া বা চাৰি চকীয়া বাহন ব্যৱহাৰ কৰে। চাইকেল ব্যৱহাৰ কৰাটো সুস্বাস্থ্যৰ বাবে এক সুন্দৰ তথা বৌদ্ধিক সমাধান হব পাৰে।
নৰ্থ-ইষ্টার্ন ডায়েবেটিছ ছ’চাইটিয়ে প্ৰকাশ কৰিছে যে, অসমত বৰ্তমান মুঠ জনসংখ্যাৰ ৫.৫ শতাংশই মধুমেহ ৰোগত আক্রান্ত। ১১.৯ শতাংশ লোকৰ দেহত নতুনকৈ মধুমেহ হোৱাৰ লক্ষণ দেখা দিছে। এই ভয়ংকৰ তথ্যৰ পৰা এইটো পৰিস্কাৰকৈ ফুটি উঠিছে যে, আমি এতিয়াও স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণৰূপে সজাগ নহঁও। জাপানীজ ডাক্তৰ শ্বিগেকি হিনুহাৰাই তেখেতৰ আটাইতকৈ বেছি চৰ্চিত কিতাপ “IKIGAI” (The Japanese Secret to a Long and Happy Life) লিখিছে ‘যদি তুমি কাম কৰি থাকা, যদি তুমি নিত্য-নতুন কথা শিকি থাকা, তেন্তে তুমি কেতিয়াও বুঢ়া নহবা।’ চাইকেলৰ ব্যৱহাৰে এক প্ৰকাৰ শৰীৰ চৰ্চাৰ উপৰিও বায়ু প্ৰদূষণ নিয়ন্ত্রণটো উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। বায়ু প্ৰদূষণে কেনে ধৰণৰ জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে আজিৰ সমাজ বিশেষকৈ উঠি অহা যুৱ প্ৰজন্ম জ্ঞাত। পৰিৱেশ স্বাস্থ্যকৰ হলেহে জন-স্বাস্থ্যৰ উন্নতি হ’ব তথা এক নিৰোগী সমাজৰ কল্পনা কৰিব পাৰিম। “স্বাস্থ্যই পৰম ধন”, সু-স্বাস্থ্যৰ অধিকাৰীজনেহে জীৱনটো আনন্দেৰে উপভোগ কৰিব পাৰে।
সেয়েহে সময়ে সময়ে চৰকাৰী বা বেচৰকাৰী সংগঠনবোৰে স্বাস্থ্য সম্বন্ধীয় বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। তেনে এক কাৰ্যসূচীৰ অংশ হিচাবে অলপতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ বিনোদন ক্লাবে এক চাইকেল ৰেলীৰ আয়োজন কৰে। পৰিৱেশ তথা জন-স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি উদ্দেশ্যৰে আৰম্ভ কৰা এই চাইকেল ৰেলী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহৰ্টীৰ পৰা আৰম্ভ হৈ অঞ্চলটোৰ ৰাইজক স্বাস্থ্য তথা পৰিৱেশ সম্বন্ধে সজাগতামূলক বার্তা দিবলৈ চেষ্টা কৰে।