সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰখা এইবোৰ সমাজত এতিয়া সৰু ঘটনা ।
কিন্তু উত্তৰ প্ৰদেশত বৰপুত্ৰই পিতৃ-মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে জোকাৰনিৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে বৰ পুত্ৰ সোহানলালৰ পত্নী মুন্নী দেৱী আৰু ঘৰখনৰ সৰু বোৱাৰীৰ সৈতে কথাই কথাই মাটিৰ পট্টাকলৈ এক কাজিয়াৰ সূত্ৰপাত হৈছিল।
এই কাজিয়া ইমানে বাঢ়ি যায় বৰপুত্ৰই খঙতে পিতৃ-মাতৃক দোষাৰোপ কৰি লাঠিৰে নিষ্ঠুৰভাৱে কোবাই কোবাই পিতৃ-মাতৃ মাটিত বাগৰাই দিয়ে।
ততাতৈয়াকৈ স্থানীয় লোকে বৃদ্ধ দাম্পতীহালক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও গুৰুতৰভাৱে আহত হোৱাৰ ফলত দুয়োগৰাকী বৃদ্ধই মৃত্যুক সাৱটি লয়।
ইতিমধ্যে, আৰক্ষীয়ে ঘাতক সোহানলালক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে ৷