বলীউদৰ অভিনেতা ছনু সুদে পুনৰবাৰ নিজৰ মহানুভৱতা পৰিচয় দাঙি ধৰিলে দেশবাসীৰ আগত।
আজি বাংগালুৰু আৰাক হাস্পতালত অতিশীঘ্ৰে অক্সিজেনৰ প্ৰয়োজন হোৱাত অক্সিজেনৰ যোগান ধৰে অভিনেতা ছনু সুদে।
ছনু ছুদ আৰু তেওঁৰ সহযোগী স্বেচ্ছাসেৱক সকলে চিকিৎসালয় খনত জৰুৰীকালীন ভাৱে ১৬ টা অক্সিজেন ছিলিণ্ডাৰ যোগান ধৰে।
অক্সিজেন যোগান ধৰাৰ পিছতে ২২ গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী মৃত্যুৰ ৰক্ষা পৰে।
জানিব পৰা অনুসৰি পূৰ্বতে হাস্পতাল খনত অক্সিজেনৰ নাটনিৰ ফলত দুজনকৈ ক’ৰোনা আক্ৰান্ত ৰোগী মৃত্যুমুখত পৰিছে।
ছনু সুদৰ মহানুভৱতাৰ বাবে পুনৰ চৰ্চিত হৈ পৰিছে অভিনেতা জন।
photo Credit : Google