”অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন” য়ে ১ আগষ্টৰ পৰা ওলা আৰু উবেৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত লৈছে। কেব চালকৰ সংস্থাটোৱে চহৰখনৰ কেব চালকসকলৰ যিসকলে তেওঁলোকৰ ইনচেণ্টিভ লাভ কৰা নাই তেওঁলোকৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে। ওলা আৰু উবেৰৰ প্ৰশাসনে এতিয়ালৈকে কেব চালকসকলৰ এই দাবী পূৰণ কৰা নাই।
প্ৰেছ বিবৃতিটো প্ৰকাশ কৰা হৈছিল যে, কোনো চৰকাৰী বিষয়া বা ওলা-উবেৰ কৰ্তৃপক্ষই ”অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন” ৰ সৈতে আলোচনা কৰা নাই।
দেওবাৰে, ”অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন” য়ে ওলা আৰু উবেৰ নামৰ দুটা বৃহৎ গাড়ী ভাড়া প্ৰতিস্থানৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছে। কেব চালকসকলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী চহৰৰ নিবনুৱা কেব চালকসকলৰ স্বাৰ্থৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনাইছে।