সমগ্ৰ দেশতে ক’ৰোনাৰ সন্ত্ৰাসৰ মাজতে এইবাৰ দেখা দিছে ব্লেক ফাংগাছৰ ত্ৰাস। অসমকে ধৰি কেইবাখনো ৰাজ্যই ব্লেক ফাংগাছক এপিডেমিক ঘোষণা কৰিছে। অসমত বৰ্তমানলৈ ব্লেক ফাংগাছত আক্ৰান্ত এজন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। এই পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে জাৰি কৰিলে ব্লেক ফাংগাছৰ SOP।
ব্লেক ফাংগাছক লৈ ক’ভিড ৰোগীৰ বাবে বিশেষ পৰামৰ্শ দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ডায়েবেটিছ, কিডনী সংস্থাপন কৰা ৰোগীকো সাৱধানে থকাৰ পৰামৰ্শ।
ষ্টেৰয়ড ব্যৱহাৰ নকৰাকৈ ব্লাড ছুগাৰ নিয়ন্ত্ৰণৰ পৰামৰ্শ ।
সঠিক মাত্ৰাত আৰু সঠিক সময়ত ষ্টেৰয়ড ব্যৱহাৰ কৰাৰ পৰামৰ্শ।
এণ্টিবায়’টিক আৰু এণ্টি ফাংগেল দৰৱ ব্যৱহাৰ কৰোতে সতৰ্ক হোৱাৰ আহ্বান।
অক্সিজেন থেৰাপীৰ সময়ত বিশুদ্ধ পানী ব্যৱহাৰ কৰাৰ পৰামৰ্শ ।
হোম আইছ’লেচনত থকা ৰোগীৰ বাবেও পৃথককৈ পৰামৰ্শ SOPত
মুখৰ আৰু গালৰ বিষৰ বাবে সতৰ্ক থাকিব।
নাকৰ পৰা তেজ আৰু দুৰ্গন্ধ ওলালে সতৰ্ক হোৱাৰ পৰামৰ্শ।
চকু ৰঙা পৰা, দৃষ্টি শক্তি কমি গ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
সাধাৰণ ৰাইজলৈ পৰামৰ্শ
ধূলিময় স্থান যেনে নিৰ্মাণস্থলীলৈ গ’লে মাস্ক ব্যৱহাৰ কৰিব।
যিকোনো মাটি খুচৰা কাম কৰোতে জোতা, লং পেণ্ট, হাত দীঘল চোলা, গ্লোভছ পৰিধান কৰিব।
ব্লেক ফাংগাছৰ ৰোগীৰ চিকিৎসাৰ বাবে লিপ’ছমেল এম্ফোটেৰিছিন-বি বেজী প্ৰদানৰ পৰামৰ্শ চিকিৎসকসকলক।
Photo: Headline8