অসমত এতিয়া বহাগ বিহু সমাগত।দিনে দিনে বৃদ্ধি পাইছে ক’ৰোনা মহামাৰীৰ সংক্ৰমণ।
এজনৰ পিছত এজন সংক্ৰমিত হৈছে ক’ৰোনা মহামাৰীত।
তথাপিও হেঁপাহৰ বহাগ বিহুক আদৰিবলৈ বিয়াকুল হৈ পৰিছে অসমবাসী।
কিন্তু ক’ৰোনাৰ বাবে কিছুমান নীতি নিয়মেৰে পালন কৰিব লাগিব হেঁপাহৰ বিহুটি।
সেয়েহে আজি অসম চৰকাৰে অসমত বিহু বা অন্য অনুষ্ঠান পাতিবলৈ আয়োজক সকললৈ প্ৰদান কৰিছে ক’ভিডৰ সজাগতাৰ এখন SOP।
য’ত উল্লেখ কৰিছে বহুতো সজাগতামূলক নীতি নিৰ্দেশনা।সেই নীতি নিৰ্দেশনা সমূহ হৈছে-
১) বিহুৰ অনুষ্ঠানৰ বাবে ল’ব লাগিব অনুমতি।অনুমতি পত্ৰত থাকিব লাগিব দৰ্শকৰ সংখ্যা,কৰ্মকৰ্তাৰ সংখ্যা,অনুষ্ঠান আয়োজন কৰা ঠাইৰ নাম,ঠাইৰ পৰিমান।
তাৰ উপৰি সকলো ধৰণৰ অনুষ্ঠান ৰাতি ১১ বজালৈহে অনুষ্ঠিত হব।
২)আয়োজক আৰু কৰ্মকৰ্তা সকলে কৰিব লাগিব ক’ৰোনা টেষ্ট।
অনুষ্ঠানৰ ৩দিন আগত কৰিব লাগিব টেষ্ট।
৩)অনুষ্ঠানৰ বাবে সকলো সজাগতামূলক ব্যৱস্থা পালন কৰিব লাগিব।
অনুষ্ঠান অনুষ্ঠিত হোৱা ঠাই সকলো ফালৰ পৰা মুকলি হব লাগিব।সামাজিক দূৰত্ব মানি চলিব লাগিব ।
অনুষ্ঠানত ওলোৱা আৰু সোমোৱাৰ বাবে ২খন বেলেগ বেলেগ গেট থাকিব লাগিব।
সকলো দৰ্শকৰে শৰীৰৰ উষ্ণতা জুখিব লাগিব উষ্ণতা বেছি হ’লে ওচৰতে থকা স্বাস্থ্যসেৱা শিবিৰলৈ প্ৰেৰণ কৰিব লাগিব।
৪) কৰ্মকৰ্তা সকল সজাগ হব লাগিব।
আয়োজকে কৰ্মকৰ্তা সকলক অনুষ্ঠানৰ চাৰিওফালে নিয়োগ কৰিব লাগিব যাতে তেওঁলোকে দৰ্শকৰ সামাজিক দূৰত্ব,মাস্ক পিন্ধা,চেনিটাইজা লগোৱা কাম কাজ চোৱাচিতা কৰিব পাৰে।
৫)মাস্ক আৰু চেনিটাইজাৰ বাধ্যতামূলক হব।অনুষ্ঠানত সকলো লোকে মাস্ক পিন্ধাটো বাধ্যতামূলক হব।
সোমোৱা গেটত চেনিটাইজাৰ থব লাগিব লগতে গাড়ী থোৱা ঠাইতো থাকিব লাগিব চেনিটাইজাৰ।
অনুষ্ঠান আয়োজন কৰা ঠাইখিনি দুবাৰকৈ চেনিটাইজ কৰিব লাগিব।এবাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগত আৰু এবাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত।
৬)সকলো ধৰণৰ সংবাদ মাধ্যমে কভিড’ সংক্ৰান্তীয় সকলো প্রট’কল মানিব লাগিব।লগতে আয়োজকে অনুষ্ঠানত ক’ৰোনা সজাগতা পোষ্টাৰ লগাব লাগিব।