অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ বাবে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’ব ২৬ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি পৰীক্ষা। ২১ আগষ্টত চতুৰ্থবৰ্গৰ আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা আৰু চালক পদৰ বাবে ১১ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ১১ ছেপ্টেম্বৰত।
ৰাজ্যৰ মুঠ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে SOP। SOP অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত ইণ্টাৰনেট সেৱা কৰাৰ লগতে প্ৰতিখন জিলাত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ দায়িত্ব থাকিব জিলা উপায়ুক্তৰ ওপৰত।
প্ৰতটো পৰীক্ষা কেন্দ্ৰতে একোজনকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে থাকিব গেজেটড অফিচাৰ। ইয়াৰ উপৰিও আজি এই সন্দৰ্ভত ছেবাৰ অধ্যক্ষ আৰ চি জেইন, সচিব নৰনাৰায়ণ নাথ, কল্যাণ চক্ৰৱৰ্তীৰ উপস্থিতিত এক সংবাদ মেল সম্বোধন কৰি পৰীক্ষা সন্দৰ্ভত বিভিন্ন নীতি-নিময়ৰ কথাও প্ৰকাশ কৰে। সেই সমূহ হল-
- পৰীক্ষাৰ্থীসকলৰ বাবে ম’বাইল ফোনৰ লগতে ইলক্ট্ৰনিক ডিভাইছ, স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰিক স্কেনাৰ, ব্লুটুথ ডিভাইছ, মাইক্ৰ’ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
- ইয়াৰ উপৰিও কেলকুলেটৰ, পেনড্ৰাইভ, কাগজ তথা যিকোনো ধৰণৰ কিতাপো নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ। পৰীক্ষাৰ্থীসকলে কেৱল পৰীক্ষাৰ বাবে ফটোযুক্ত এডমিট কাৰ্ডহে নিব পাৰিব।
- যি সমূহ সামগ্ৰী নিষিদ্ধ কৰা হৈছে সেই সামগ্ৰীসমূহ পৰীক্ষাৰ্থীয়ে যদি লগত কঢ়িয়াই নিয়ে তেন্তে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। আনহাতে এই সামগ্ৰীসমূহৰ দায়িত্ব প্ৰশাসনৰ হাতত নাথাকিব। পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীসকলে অ’ এম আৰ শ্বিটৰ সৈতে প্ৰশ্ন কাকত নিৰীক্ষকৰ হাতত জমা দিব লাগিব। আনহাতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰা হব।
উল্লেখ্য যে, ২৬ পদৰ বাবে ১৪ লাখ ৩০ হাজাৰ ৩৩৮ জন প্ৰাৰ্থীয়ে আৱেদন কৰিছে। এই ২৬ হাজাৰ পদত মুঠ ৪৮ টা বিভাগৰ বিভিন্ন খালী পদ অন্তৰ্ভুক্ত হৈ আছে। ২১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থবৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ভিতৰত অষ্টম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু দশম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে দিনৰ ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। একেদৰে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৮ আগষ্টত। দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে এই পৰীক্ষা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত আৰু স্নাতক উত্তীৰ্ণসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত। আনহাতে চালক পদৰ পৰীক্ষা ১১ ছেপ্টেম্বৰত পুৱা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব।