জোৱান সকলে মৰিবলৈ আৰক্ষীত যোগদান কৰা নাই আৰু অপৰাধীয়ে গুলীয়ালে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য, এই মন্তব্য আগবঢ়ালে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
আৰক্ষী অধীক্ষক গৰাকীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ আৰু কৰি কয়, জয়নাল নামৰ ডকাইতজনে ডকাইতিৰ পৰিকল্পনা কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। জয়নালক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ঘৰটো ঘেৰাও কৰি জয়নালক আত্মসমৰ্পন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু, তাৰপিছতো জয়নালে আৰক্ষীৰ দললৈ কেইবাজাঁই গুলীবৰ্ষণ কৰে।
সেয়ে আত্মৰক্ষাৰ বাবেহে আৰক্ষীয়ে ডকাইত জয়নালক লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হৈছিল আৰু আৰক্ষীৰ গুলীত জয়নাল আহত হৈছিল। কিন্তু, জয়নালক জীৱন্তে গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰেই আৰক্ষীয়ে অভিযান চলিছিল, বুলি নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।