আজি শক্তিমন্ত্ৰী বিমল বৰাই গুৱাহাটীৰ বিজুলী ভৱনত এখনি সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেল খনত তেওঁ আগবঢ়াই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা। তেওঁ কয় যে- –
- ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বহু কেইটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে বিভাগে।
বিল সংগ্ৰহ ,মিটাৰিঙৰ ক্ষেত্ৰত লোৱা হৈছে এনে পদক্ষেপ। - বিদ্যুৎ বিভাগে মাহে ৫০৭ কোটি টকা খৰছ কৰিবলগীয়া হয়
- ফেব্ৰুৱাৰী মাহত ৩৩৯ কোটি,মাৰ্চ মাহত ২৮৬ কোটি ,এপ্ৰিল মাহত ২৭৬ কোটি ,মে মাহত২১৯ কোটি টকা, জুন মাহত ৪১৬.৬৬ কোটি টকা (২৭ জুনলৈ) ৰাজহ সংগ্ৰহ কৰা হৈছে।
এই মাহত বিভাগে ৫০৭ কোটি টকা সংগ্ৰহ কৰাৰ চেষ্টা কৰি আছে। - সমগ্ৰ অসমত ১২৪ টা বিদ্যুৎ চুৰি কাৰ্য ধৰা হৈছে আৰু তাৰ পৰা বিভাগে ১১.৬৫ কৌটি টকা সংগ্ৰহ কৰিছে।
- বিভাগৰ ৯৯.৯% কৰ্মচাৰীয়ে অতি গুৰুত্বসহকাৰে নিজৰ নিজৰ কৰ্ম সমাপন কৰি আহিছে।বাকী .১% ক নিজৰ কাম কৰ্মনিস্তাৰে সমাপন কৰিবলৈ মন্ত্ৰীয়ে অনুৰোধ জনায়।
- যদি কোনো ব্যক্তিয়ে কৰবাত বিজুলী চুৰি হৈ থকা বুলি খবৰ পায় তেন্তে ততাতৈয়াকৈ বিজুলী বিভাগ অথবা ১৯১২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰে মন্ত্ৰী গৰাকীয়ে।এইক্ষেত্ৰত খবৰ দিয়া ব্যক্তিৰ নাম সম্পূৰ্ণ গোপনে ৰখা হব।
- এতিয়া বিলৰ ক্ষেত্ৰত বহুখিনি বেমেজালি হৈ আছে যিবোৰ অতি কম সময়ৰ ভিতৰত সমাধান কৰা হব।
এতিয়াৰে পৰা গ্ৰাহকসকলে মাহৰ ১০ তাৰিখৰ ভিতৰত বিল পাব। - যদি কোনোবা গ্ৰাহকৰ বিল ৩০০০০ টকা লৈ পৰিশোধ কৰিব আছে তেন্তে তেওঁলোকে ১০ টা কিস্তিত বিল পৰিশোধ কৰিলেও হ’ব।আনহাতে ৩০০০০ ৰ পৰা ৫০০০০ টকা আদায় দিব থকা গ্ৰাহকে ১৫ টা কিস্তিত বিল পৰিশোধ কৰিব পাৰিব।