বুধবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ কাৰণে এখন কেবিনেট পৰ্য্যায়ৰ বিশেষ বৈঠকৰ আহ্বান জনাইছে ৷ এই বৈঠকত কেইটামান চৰকাৰী বিভাগ তথা মন্ত্ৰীৰ কাৰ্যকলাপৰ বিষয়েও পৰ্যালোচনা কৰিব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰীয়ে নিজ নিজ মন্ত্ৰণালয় বা বিভাগ সমূহৰ খতিয়ান আৰু মন্ত্ৰী সকলৰ পাৰদৰ্শিতা সৰ্ম্পকে কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী সকলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিতি হৈছিল৷ এই আলোচনাৰ বেছি ভাগ সভাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা উপস্থিত আছিল ৷
ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰা এই বৈঠকত প্ৰধান মন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ কথা ৷ এই মন্ত্ৰী সভাতে অসমৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ কিয়নো অসমত দ্বিতীয় বাৰলৈ ক্ষমতালৈ অহা বিজেপি চৰকাত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে ডঃ হিমন্ত বিশ্ব শৰ্মাক দায়িত্বভাৰ অৰ্পণ কৰিছিল ৷