নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ বিশেষ অতিথিক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানৰ অংশ হ’ব প্ৰাণৱন্ত গাঁৱৰ চৰপঞ্চ, শিক্ষক, নাৰ্ছ, কৃষক, মাছমৰীয়াৰ লগতে ধ্বজাবাহী আঁচনিত কাম কৰা লোকসকল বিশেষ নিমন্ত্ৰিতসকলৰ ভিতৰত আছে অসমৰ প্ৰায় ১৯জন লোক দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮০০ বিশেষ অতিথিয়ে এইবাৰ ৰাষ্ট্ৰীয় ৰাজধানীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে প্ৰাণৱন্ত গাঁৱৰ চৰপঞ্চ, শিক্ষক, নাৰ্ছ, কৃষক, মাছমৰীয়া, চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট, অমৃত সৰোৱৰ, হৰঘৰ জল আদিৰ দৰে ধ্বজাবাহী কাৰ্যসূচীত কাম কৰা লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে। অন্যান্য লোকসকলৰ লগতে অসমৰ ১৯জন লোকেও ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।
অসমৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ চাৰিগৰাকী হিতাধিকাৰীয়ে নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণকৰিব। নগাঁৱৰ বিশিষ্ট শিল্পী হিৰণ্য বণিয়াই চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে চৰকাৰে শিল্পীসকলক অনুপ্ৰাণিত আৰু সহায়ৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে আৰুঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত তেওঁ অতিশয় আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। লগতে তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে গুৱাহাটীস্থিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ কাৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে। বণিয়া এগৰাকী সোণাৰি, যি অসমীয়া গহনা, হস্তনিৰ্মিত গহনা ইত্যাদি তৈয়াৰ কৰে।
অসমৰ কৃষক উৎপাদক সংস্থাৰ চাৰিগৰাকী প্ৰতিনিধিকো দেশৰ বিভিন্ন প্ৰান্তৰ আন হিতাধিকাৰীসকলৰ সৈতে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসী উদ্দেশ্যি দিয়া ভাষণ শুনিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কোকৰাঝাৰৰ নিমন্ত্ৰিত অতিথি দিন্তিগ্ৰা বসুমতাৰীয়ে পিআইবিৰ সৈতে হোৱা বাৰ্তালাপত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এইটো তেওঁৰ বাবে অতি ডাঙৰ সুযোগ আৰু তেওঁ পৰিয়ালৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চৰকাৰে ‘জন ভাগীদাৰী’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিসমগ্ৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে।