Special Olympic Bharat Assam ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সমাজ কল্যাণ ,স্বাস্থ্য বিভাগৰ উদ্যোগত যোৰহাটত মঙলবাৰে অনুষ্ঠিত হয় দিব্যাংজনৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা।
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত এই মেলাত যোৰহাট গোলাঘাট আৰু শিৱসাগৰ জিলাৰ তিনি শতাধিক বিশেষ ভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
বিশেষ ভাবে সক্ষম লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা আৰু পঞ্জীয়নৰ ব্যৱস্থা কৰা হয়।
লগতে এই সকল লোকক বিশেষ ডিজিটেল কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হয়। বিশেষ ভাৱে সক্ষম বহু কেইজনে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে।
অনুষ্ঠানত সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰি সকলো বিশেষ ভাৱে সক্ষম লোকক বিশেষ ডিজিটেল কাৰ্ড লবলৈ আহ্বান জনায়।
মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰাত কয় ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হোৱাৰ বাবেই ৰাজ্যতো মূল্যবৃদ্ধি হৈছে ।